পৃষ্ঠা:প্ৰহ্লাদ.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্রহ্লাদ - "হৰি কথা ৰস নিৰ্ম্মল অমৃত, যিটো জনে পান কৰে ৷ সংসাৰ মধ্যত সিটো জন মাত্র সফল জনম ধৰে । ৰাণীয়ে মুনিক ক'লে, “মুনি কৰিলে কি ? মোৰ লৰাৰ দেখোন সৰ্বনাশ কৰিব খুজিছে ! - ৰজাই শুনিলে তাক জীয়াই জীয়াই খাব ; তাৰ হাড় এডালো নাথাকে।” নাৰদে একো নামাতিলে। যাবৰ বেলিকা কৈ গ'ল ;-- এই হৰি জগতৰ ৰজা । এয়েই জগত স্ৰজিলে। জীৱ- জন্তু সকলোকে জনম দিলে, এই হৰিয়েই। এওঁৰ নিচিনা বন্ধু আৰু “জগতত নাই।” ৰাণীয়ে তধা লাগি মুনিৰ ফালে চাই থাকিল । প্রহ্লাদে ক'লে, “অ” ময়ো তাকে ভাবিছিলোঁ, ময়ো তাকে ভাবিছিলোঁ।” গালে,— “নিজ দাস কৰি হৰি মোক কিনা কিনা, আন ধন নালাগয় নাম ধন বিনা ॥” [ 2 ]