পৃষ্ঠা:প্ৰহ্লাদ.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLY 141425 সুমুৱাই থাকোঁতে তেঁওৰ মনত খেলায়, যেন গোটেই পৃথিবী খনৰে এই দৰে মৰম কৰোতা এজন আছে ৷ তেওঁৰ মনেৰে তেঁৱেই হৰি ৷ ' তেঁওৰ মনেৰে হৰি নন্দনৰ পাৰিজাত ফুলত কৈয়ো সুন্দৰ । তেঁওৰ স্নেহ দেৱতাসকলে পানকৰা অমৃতত- কৈয়ো সোৱাদ । এদিন জোনাক ৰাতি ফুলনিৰ মাজেদি। মাকৰ হাতত ধৰি ফুৰি ফুৰোতে প্ৰহ্লাদে মাৰুক কলে, "আই, তোমা- লোকে কোঁয়া, হৰি শত্ৰু। হৰি শত্ৰু হলে নো বাৰু আমাক পোহৰ দিবলৈ জোনটো কিয় কৰিব ? আমাৰ আনন্দৰ ৰাবে সৌ ফুলবোৰ কিয় ফুলালে ? শত্ৰুৱে জানো কাৰোবাৰ ভাল কৰিব খোজে ? আৰু এদিন সন্ধ্যা প্ৰহ্লাদে মাকৰ কোলাত বহি সাধু- কথা শুনিছে। হঠাৎ গ্রহহ্লাদে সুধি পেলালে, “ আই, দেউতাৰ বাপেক কোন ?” মাকে হাঁহি উত্তৰ কৰিলে, “কেলেই, তোৰ ককাৰ ?” প্ৰহ্লাদে সুধিলে, “তেওঁৰ বাৰু দেউতাক আছিলনে?” মাকে কলে, “কেলেই তোৰ আজুককাৰ ? মই তেঁওক দেখিছিলোঁ নহয় !” প্রহ্লাদে তেতিয়া আকৌ প্ৰশ্ন কৰিলে, “আই, আমাৰ বংশৰ যি জন [ 19 ]