পৃষ্ঠা:প্ৰহ্লাদ.pdf/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- প্রহ্লাদ- বলৈ কত কাকৃতি মিনতি কৰে । সিহঁতে চৰাই পোৱালি পাৰি আনিলে, তেঁও হুক্‌ হুক্ কৈ কান্দিবলৈ ধৰে। যেতিয়, ককায়েকহঁতে সেউজীয়া গছৰ কুমলীয়া কুমলীয়া ডালপাত বোৰ ভাঙ্গি চিঙ্গি মষিমূৰ কৰে, তেতিয়া তেঁওঁৰ দুই চকুৰ পৰা কেনেকৈ ফটিকৰ দৰে দুধাৰি নিৰ্ম্মল চকুপানী বৈ তাহি ছিল। তেঁও ভাৰি নাপাইছিল, কিয়, ককায়েকহঁতে তেনে নিষ্ঠুৰ আচৰণ কৰে ৷ তেওঁ ভাবিছিল, গছেগুটো আমার দাব ব্লগ পায় ৷ তেনেহলে অনর্থক এওঁবিলাকে গছ পুলিবোৰক দুখ দিয়ে কিয় ? ' প্ৰহ্লাদৰ কিন্তু আটাইতকৈ বেজাৰ, যেতিয়৷ তেওঁৰ বাপেক আৰু ককায়েকহঁাঁতে ডাঠি কয়, হৰি সিহঁতৰ শত্ৰু বুলি তেওঁ ভাবে, যি হৰিয়ে মাতৃৰ বুকত মৰম দিলে, যি হৰিয়ে উমলিবলৈ বাই-ভনী দিলে, যি হৰিয়ে পিযাত গুচাবলৈ এনেকুৱা পানী দিলে, যি হৰিয়ে ভোক গুচাবলৈ গছৰ গুটি দিলে, সেই হৰিনো কেতিয়াবা কাৰোবান শত্রু হব পাৰে ? তেওঁ মনে মনে ভাবে, দেউতাহাতে এইবোৰ কথা কি কম?' কেতিয়াবা নাকৰ কোলাত সোণাই নাকৰ বৃকত মুখনি [ 9 ]