পৃষ্ঠা:প্ৰহ্লাদ.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLY (8) ফটা কঠাত সোণ। হিৰণ্যকশিপুৰ চাৰি পুতেক ; তাৰে নিচেই সৰুটিৰ নাম 'প্রহ্লাদ।' প্ৰহ্লাদৰ বৰণটি কেচা সোণৰ দৰে দাঁত কেইটি মুকুতাৰ মণি যেন, আৰু নাকটি তিলফুলৰ দৰে । মুখখনি আকৌ যেন ফুলো ফুলোঁ হোৱা গোলাপৰ কলিটি হে, প্রহ্লাদক দেখিলে মানুহৰ ভোক পিয়াজ হৰে । ইফালে স্বভাৱ ! কেনে শান্ত, কেনে মধুৰ, কেনে বাব-জুব ! ৰোহ নাই, ঠেহ নাই; দন্ত নাই, খত্ নাই ; যেন পৃথিবীক শান্তি দিবলৈহে এই পুটলাটি আহিছে । কিন্তু, প্ৰহ্লাদৰ সেই সুন্দৰ মুখখনি সদায় আমন-জিমন হৈ থাকে ;--যেন দৈত্যবিলাকৰ বেয়া কামবোৰ দেখিয়েই, ককায়েকহঁতে পখিলা এটা ধৰি তাৰ পাখি দুখনি চিহ্নি পেলালে, লৰাটিয়ে কন্দনামুৱা হৈ তাহাওঁক তেনে নকৰি [ 15 ]