পৃষ্ঠা:প্ৰহ্লাদ.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- প্রহ্লাদ- অইন লৰ৷ ছোৱালী ডাঙৰ হৈ যায় মানে জনাবুজ৷ হয় আৰু স্বভাৱ চৰিত্ৰ গঢ় লৈহে যায়; কিন্তু, এই দুটা লৰা যিমান ডাঙ্গৰ হৈ গ'ল, সিমান দুৰ্দ্ৰ্দান্তহে হৈ গ'ল । সিহঁতক দমাবলৈকো----সিহঁতে কাৰোবাৰ কথা শুনিলেহে । মাক বাপেকে জানো কিবা কব পাৰে-মুখে মুখে উত্তৰ দিয়ে নহয় । লগৰ লগৰীয়াবোৰে উপদেশ দিলে সিহঁতক গালি পাৰে ; অইন মানুহে কিবা ক'লে, মৰিয়াই আধাধুন দেখুৱায়। সিহঁতে ভাবে, 'আমি কাক ভয় কৰিব লাগিছে, বলেৰে আমাক কোনে হৰুৱাব পাৰে ? আৰু সঁচাকৈয়ে সিহঁতক বলে পৰা, কি মানুহ, কি দৈত্য কি দেৱতা, কোনোৱেই নাছিল এই দৈত্যদুটাৰ অইনেৰে দন্দ কৰোঁতে কৰোঁতে এনে এটা অভ্যাস হৈ গল যে, দদ নকৰাকৈ সিহঁত শাঁতিৰেই থাকিব নোৱাৰা হ'ল । মৰামৰি কৰা, যুঁজা, সিহঁতৰ পক্ষে হ'ল ধেমালি, এনেই শাঁতিৰে বহি থকাটো হ'ল সিহঁতৰ পক্ষে বৰ টান কাম । ইফালে যুঁজিবলৈকো কাৰে যুঁজে ? তাঁহাতেৰে যুঁজিবলৈ বা আগবাঢ়েই কোনে ? সিহঁতৰ নামহে শুনিব লাগে, নৰমনিষ নালাগে দেৱতাও পলাই পত্ৰং [ 6 ]