পৃষ্ঠা:প্ৰহ্লাদ.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 2 ) আগৰ কথা । কাশ্যপ মুনিৰ দুটা ল'ৰা । সিহঁতৰ ডাঙ্গৰটো হিৰণ্য- কশিপু আৰু সৰুটো হিৰণ্যাক্ষ । এই লৰা দুটাই উপজিয়েই পৃথিবীত খলক লগাবলৈ পৰিলে। সিহঁত যেনি যায়, তেনি এটা হাই কাজিয়া গাছেই । বাপেক কাশ্যপমুনিৰ আৰু মাৰু দিতিন, সিহঁতৰ অত্যাচাৰত চুৰ্ত্তি নাই । অমুকটো দে, বুলিলেই দিব লাগে : অমুকটো ক, বুলিলেই কৰিব লাগে । নহলে আৰু সেই দিনা ঘৰৰ লক্ষ্মী পলায় সুখ শান্তি নাথাকে । ছোৱালী সিহঁতৰ প্ৰতাপত ঘৰৰ ওলালেই সিহঁতৰ শতত হব মাৰ খাই ওচৰ চুবুৰীয়াৰো লৰা বাহিৰ হ'ব নোৱাৰে, নগুশাস্তি হ'ব, নহয় গালিশপনি খাই কান্দিকাটি গুচি যাব। বাটৰুৱা মানুহেওঁ সিহঁতৰ অত্যচাৰতেই বাট এৰি যাব লগা হয় ; নহলে, এই লৰা দুটাই জানো শুদাই এৰিব ? দলিয়াই নূব ভাঙ্গিব নহব । [ a i