পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(আ) আজিলৈ কমতাপুৰ সম্বন্ধে যি বিবৰণ পাৱা হইছে তাৰ ভিতৰত গ্লেজিয়ৰ আৰু বাকাননৰ ৰিপোৰ্টেই বেচি বিস্তাৰিত। গ্লেজিয়ৰৰ ৰিপোৰ্টৰ পৰা তলত অলপ তুলিলোঁ * :- আমি “অতীতৰ ধুঁৱলি-কুঁৱলি আন্ধাৰত ইতিহাস দেৱ-দেৱীৰ ইতিবৃত্তৰ লগত সান-মিহলি। সেই অতীত-আন্ধাৰত ৰঙ্গপুৰ কামৰূপ ৰাজ্যত ভুক্ত আছিল আৰু কৰতোয়ান্দী মৎস্যদেশ আৰু কামৰূপৰ সীমা আছিল। কুব্ধক্ষেত্ৰৰ যুদ্ধত ভগদত্ত ৰাজাই হুৰ্য্যোধনৰ পক্ষে যুজ়ি অৰ্জ্জুনৰ হাতত প্ৰাণত্যাগ কৰিছিল৷ আইনি-আকবৰি মতে ভগদত্তৰ পাছত তেওঁৰ বংশৰ ২৩ জন ৰাজাই কামৰূপত ৰাজত্ব কৰিছিল৷ যোগিনীতন্ত্ৰত তাৰ পাছৰ কেইজন মান ৰাজাৰে৷ নাম পাৱা যায়। সেইসকলৰ মাজত জল্পেশ্বৰ এজন। এওঁ জল্লাই- গুৰিৰ দুৱাৰত জল্পেশ নামে শিৱ-মণ্ডিৰ স্থাপিত কৰাইছিল। এই কিংবদন্তী এড়ি দিলেও আমি স্থানীয় ইতিবৃত্তৰ পৰা তিন বংশৰ বিবৰণ সঠিক বুলি ধৰিব পাৰোঁ। একদল অশুদ্ধ “তাৰে প্ৰথম বংশৰ পৃথু নামে ৰাজাৰ স্মৃতি-চিহ্ণ অ্যাপিও দেখা যায়। তেওঁৰ ৰাজধানীৰ চিন আজিও বডা আৰু বৈকুণ্ঠপুৰত আছে। পৃথু ৰাজাৰ অপবাত মৃত্যু হৱাৰ কথা জানা যায়। কিচকে তেওঁৰ ৰাজ্য আক্ৰমণ কৰাত তেওঁ সিহঁতৰ স্পৰ্শনত চূৱ৷ যাব ভাবি নিজ প্ৰাসাদৰ নিকটবৰ্ত্তী পুখুৰী এটাত ঝাঁপ মাৰি পৰিল; লগে ২ তেওঁৰ ৰাজধানীও আক্ৰমণকাৰীৰ হাতত ধ্বংস হল। প্ৰেতাত্মা এতিয়াও তাত বিদ্যমান থাকা বুলি স্থানীয় মানুহে ভাবে। A Report on the district of Rongpore by E. G. Glazier; PP. 8-14.