পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

117845/A ( ১৯ ) ৰঞ্জনি প্ৰভাত ভৈলে দসে৷ দিসে জাই। পিতৃৰ পুত্ৰৰ দেখা 'তেহয় পৰায়ী। আৰু এক কথা কহো সুনা বিপৰিত। তই মই উপজিচো হিৰণ্য বধিত॥ আপুনাক আপুনি নিচিনা কিয় তই। প্ৰহ্লাদ স্বৰুপে উপজিয়া আচো মই॥ ইশ্বৰৰ বানি তাৰ লাগিলা হিআত। এড়িলন্ত সন্তাপ আচিলা জত জত। মাধৱ গৈলন্ত আপোনাৰ নিজ থানে। প্ৰহ্লাদ চৰিত্ৰ সমাপতি এহিমানে॥ নমো নমো নাৰায়ন দেৱ জদুপতি। তোমাৰ চৰনে মোৰ থাকোক ভকতি। ভকত বৎসল প্ৰভু কৰুনা সাগৰ। অপাৰ সাগৰে পাৰ কৰা দামোদৰ॥ অভয় চৰনে মই পশিলো শৰন। মই অনাথক নচাৰিব৷ নাৰায়ন॥ হেম সৰস্বতি ভনে এড়ি আন কাম। পাতেক চাৰোক ডাকি বোলা ৰাম ৰাম॥ ১০০ × X × × x X X × সক ১৭৬৯ সক। তাৰিক্ষে মাঘৰ ১০। পুসমাঘত প্ৰহ্লাদ চৰিত্ৰ সমাপ্ত॥ যথাদৃষ্টং তথা লিখনে লেখকু নাস্তি দোসনং। সমাপ্ত।