( ১৮ )
হেন মতে নিসাচৰ গৈলা জমঘৰ।
( হেন ) দেখি ৰঙ্গ ভৈলা সকল দেৱৰ॥
আকাসৰ পৰা সবে কৰে হৰি ৰাৱে।
অপেস্বৰা নাচন্ত গন্ধৰ্ব্বে গিত গাৱে॥
লয়ঙ্গ মালতী ( সমে ) গন্ধ পাৰিজাত।
কৃষ্ণৰ মাথাত বৃষ্টি কৰে অসংক্ষাত॥ ৯০॥
হেন মতে নিসাচৰ গৈলা জম-ঘৰে।
ইতো কথা সুনি সৰ্ব্বজন ৰুচিকৰ॥
এক* পদবন্ধে হেম সৰস্বতী ভনে।
সুনন্তা কহন্তা ৰৈক্ষা কৰে নাৰায়নে॥
পিতৃৰ মৰন পাচে প্ৰহ্ৰাদে দেখিলা।
হৃদয়ত দাৰুন সন্তাপ লাগি গৈলা॥
হা-প্ৰানেৰ পিতৃ মই কিসত কি-কৰিলো।
তুমি কি নিজিলা মই প্ৰানে কি নমৰিলো॥
পিতৃষে পৰম গুৰু পিতৃ ইষ্টদেৱ।
পিতৃবিনে সংসাৰত বন্ধু নাহি কেৱ॥
যাহাৰ প্ৰসাদে মই দেখিলো সংসাৰ।
পিতৃ অবিহনে দেখো দিনতে আন্ধাৰ॥
প্ৰহ্ৰাদৰ বিলাপ দেখিলা নাৰায়নে।
আস্বাসিআ বুলিলন্ত মধুৰ বচনে॥
নাকান্দা নাকান্দা বাপু নকৰা সন্তাপ।
কৈৰ ভাৰ্য্যা পুত্ৰ ( তব ) কৈৰ মায়-বাপ॥
জেহেন বৃক্ষত পখি থাকে একে সঙ্গে।
নিশাগোট বঞ্চে জেন মতে ৰঙ্গে ঢঙ্গে॥
* আক ?