( ১৫ )
মাধৱেসে পিতা-মাতা মধিৱেসে প্ৰান।
মাধৱত পৰে কোন বন্ধু আচে আন॥
জত দেখা বাৰ্ঘ্ৰে* জলস্থল গিড়িবন।
গজভুজ সবাত আচন্ত নাৰায়ন॥
তুমি আমি আদি কৰি তিনিয়ো জগত।
সবাতে আচন্ত হৰি নুহিকা বেকত॥
হিৰন্যাক্ষে বোলে অৰে সুনৰে বৰ্ব্বৰ।
পুনুৰুপি নিন্দিলোহো তোহোৰ উত্তৰ॥
বোলা জে সবাৰো গায়ে আচে দামোদৰ।
সবে লোকে নোহে কিয় তাক সমসৰ॥
কেহো সুখি কেহো দুখি বহুত অন্তৰ।
কেহো কাক বায়ে কেহো কৰয় নফৰ॥
কেহো হস্তি-কন্ধে চৰে হংসতুলি সোএ।
কেহো কেহো জনে কিয় তৃনক নপাৱে।
কোহো ভুঞ্জে ঘোল কেহো ( জনে) ভুঞ্জে থিৰ।
কেহো জে শ্ৰীমন্ত হোয়ে কেহো হোয়ে চোৰ॥
একৰ জিৱন হৌক সবাৰে জিৱন।
য়েকৰ মৰন হৌক সবাৰো মৰন॥
একৰ ভোজন হৌক সবাৰ ভোজন।
তেবে জানা সবাতো আচন্ত নাৰায়ন।
প্ৰহ্ৰাদ বদতি বাপ নিন্দো তজু বানি।
তুমি কিচো নজানাস আমি আছো জানি॥
মই জে দেখোহো হৰি আচন্ত সবাত।
মলচক্ষু নিমিত্তে জে নেদেখো সাংখ্যাত॥
*ব্যাঘ্ৰ ?