পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৪ )

আমাৰ ভয়ত পলাই থাকন্ত
 পলাইবাৰ নাহি ঠাই।
তিনি ভুবনৰ অন্তত থাকয়
 বতাসৰ আগ খাই॥
এহি দেখি পাচে মই নেদেখিলো
 পলুয়া ভঙ্গুয়া বুলি।
হেনয় হৰিক তঞি সুমৰাস
 তোহোৰ নপাইলো উলি॥
গজ সৰ্প ৰিষ অগনি পানি জে
 মোহোৰ ভৃত্য সমান।
মোৰ পুত্ৰ বুলি কেহো নমাৰিলা
 হেন খানি মনে মান॥
এতো হেন কৰা হৰি নুসুমৰা
 থাকা মোৰ আজ্ঞা পালি।
মোৰ পুত্ৰ তোক ৰাজ্য ভাৰ দেওঁ
 মাধৱক পাৰা গালি॥
সুনা নৰলোক প্ৰহ্ৰাদ চৰিত্ৰ
 জি জাইবা সংসাৰ তৰি।
হেম সৰস্বতি ৰচিলা সম্প্ৰতি
 ডাকি বোলা হৰি হৰি॥৭০॥

পদ।

হেন সুনি প্ৰহ্ৰাদে সুমৰে হৰি হৰি।
মাধৱক গালি মই পাৰো কেনে কৰি॥