পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৩ )

হেন ৰুপ ধৰি প্ৰবেশিলা হৰি
 গৰুড়ৰ কন্ধে চৰি।
দুয়োৰত পাচে গৰুড়ক থৈই
 ভুমি পাৱে জান্ত লড়ি॥
সিতো ৰুপগোট কেহো নেদেখয়
 বৈষ্ণৱ প্ৰহ্ৰাদত বাজে।
দিনতে দুয়াৰি দুই চক্ষু খাইলি
 পশিলি ওঁয়াৰি মাঝে॥
ওঁআৰি মধ্যত স্তম্ভ গোট আচে
 বিপৰিত ফতিকৰ।
সৰ্ব্বদাই তাতে আৱজি থাকয়
 হিৰান্যাক্ষ দৈত্য সুৰ॥
সিতো ফটিকৰ স্তম্ভৰ ভিতৰে
 পসিলন্ত দেৱ হৰি।
প্ৰহ্ৰাদে দেখন্ত আচন্ত ইশ্বৰ
 নৰসিংহ ৰুপধৰি॥
পাচে হিৰন্যাক্ষে মাতিবে লাগিলা
 পুত্ৰৰ মুখক চাই।
ৰাতৃ দিনে তই হৰি সুমৰাষ
 হৰি আচে কোন ঠাই॥
ইতিনি ভুবনে মই অধিকাৰি
 জল স্থল আদি কৰি।
কেশ গাচ জেবে বিচাৰি চাহিলো
 খুজিয়া নপাইলে৷ হৰি॥