পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১১ )

আথেব্ৰেথে আস্বাসিআ বোলে পুত্ৰ পুত্ৰ।
হেন বিদ্যা বাপু (তই ) অভ্যাসিলি কৈত্য॥
নমো নমো নাৰায়ন দেৱ জদুপতি।
তোমাৰ চৰনে মোৰ থাকোক ভকতি॥
ভকত বৎস্বল প্ৰভু কৰুনা সাগৰ।
অপাৰ সাগৰে পাৰ কৰা দামোদৰ॥
হেম সৰস্বতি ভনে এড়ি আন কাম।
পাতেক চাৰোক ডাকি বোলা ৰাম ৰাম॥৬০॥

দোলড়ি।

কমতা মণ্ডল দুল্লভ নাৰায়ন
 নৃপবৰ অনুপাম।
তাহান ৰাজ্যত ৰুদ্ৰ সৰস্বতি
 দেৱজানি কন্যা নাম॥
তাহান তনয় হেম সৰস্বতি
 ধ্ৰুবৰ অনুজ ভাই।
পদবন্ধে তেহো প্ৰচাৰ কৰিল৷
 বামন পুৰান চাই॥
আত অনন্তৰে মাধৱে বোলন্ত
 মনে কৰি আসঋষ।
হিৰণ্য বিৰক কিমতে বধোহো
 নপান্ত একো উদিস॥