( ১০ )
মাধৱে প্ৰহ্ৰাদে বহু মিলিলা আলাপ।
কৰজোৰ কৰি বহি এড়িলা প্ৰতাপ॥
এতেকতে বহিয়ো জোগাইলা সিঙ্হাসন।
তাতে ৰঙ্গমনে বসিলন্ত নাৰায়ণ॥
মাধৱ বদতি সুনা হিৰণ্য তনয়।
তোৰ দুখ দেখি মোৰ নসহে হৃদয়॥
মুখত চুম্বন দিয়া প্ৰবুধিলা তাঙ্ক।
কোনে তোক মাৰিলেক কহিয়োক মোক॥
সত্যে সত্যে সত্যে বাপু তোক দেয়োঁ বৰ।
আজি ধৰি হউ বাপু অজয় অমৰ॥
আৰু এক কথা কহো তোহোৰ আগত।
হিৰণ্যাক্ষ বিৰকো বধিবো প্ৰভাতত॥
অনি কেহো নেদেখিবে দেখিবিহি তই।
ফটিকৰ স্তম্ভত লুকাই থাকিম মই॥
কতো বেলা অন্তৰে হিৰণ্য বোলে বানি।
মৰিল পুতাই মোৰ গুচায়ো অগনি॥
হেন শুনি হৰি পাচে অন্তৰ্দ্ধান ভৈলা।
প্ৰহ্ৰাদক সম্বুধি আপুনি চলি গৈলা॥
অগনি নুমাই ৰাজা চাহিলন্ত পাচে।
দেখে হৰি সুমৰি প্ৰহ্লাদ বসি আচে॥
পুৰিবাৰ প্ৰভায়ে অধিকে জলে কান্তি।
তপ্ত সুবৰ্ণত কৰি অধিকে জলন্তি॥
দেখি হিৰণ্যাক্ষ আতি ভৈলা ভয়ভিত।
কম্পিলা শড়িৰ আতি দেহা জৰ্য্যৰিত॥