পৃষ্ঠা:প্ৰহ্লাদ-চৰিত্ৰ.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৯ )

সেহি সময়ত প্ৰভু জগতৰ বাপ।
বহিক বোলন্ত এবে এড়িয়ো প্ৰতাপ॥
তৈতিখনে শিতল ভৈগৈলা বৈস্বানৰ।
বান্ধি পেলাইলেক অগনিৰ ভিতৰ॥
সৰ্ব্ব জনে দেখি আচে বৰ বিপৰিত।
ৰাজা বোলেপুত্ৰ পুৰি ভৈলা চুৰ্ণাকৃত্য॥
হৰিৰ প্ৰভাৱে নজলয় বৈশানল।
প্ৰহ্ৰাদৰ গাৱে জেন চন্দন শিতল॥
বাহিৰে অগনি ভিতৰত জলময়।
হৰিক সুমৰি প্ৰহ্ৰাদ বসিয়াচয়॥
মাধৱে প্ৰহ্ৰাদে কিচো নাহিকে অন্তৰ।
নিৰঞ্জঁনে দেখি প্ৰবেশিলা দামোদৰ॥
চাৰি হাতে ধৰি সম্‌শ চক্ৰ গদা পদ্মোঁ।
প্ৰতেকে দেখিচা তুমি নকৰিবা চদ্মেঁ॥
মাধৱক প্ৰহ্ৰাদে দেখিলা সেই ঠাৱে।
অকপটে পৰিলা হৰিৰ দুই পাৱে॥৫০॥
জগত কাৰণ প্ৰভু তুমি নাৰায়ন।
নাহি আদি অন্ত প্ৰভু তুমি নিৰঞ্জঁন॥
অনাদি অনন্ত প্ৰভু নাহি অন্তভেদ।
তুমি চৈদ্ধ শাস্ত্ৰ প্ৰভু তুমি চাৰি বেদ॥
নমো নাৰায়ন প্ৰভু অনাদি ইশ্বৰ।
মস্যকুৰ্ম্ম আদি কৰি দশ ৰুপধৰ॥
ত্ৰাহি ত্ৰাহি মহাহৰি সৰন দিয়োক।
তোমাৰ নামক মোৰ মুখে নাচাৰোক॥