সন্দি :—সতসন্ধং (সচাকথা লুকাই ৰাখা) ধাৰ্ম্মিকং ৰাজেন্দ্ৰ (ডাঙৰ ৰাজা) দশৰথতনয়। (দশৰথৰ পুতেক) বুলি কয়। সৰলাৰ্থ—এই সঁচা কথাটো লুকাই ৰাখি মানুহে ৰাম লক্ষ্মণক ধাৰ্জিক ৰাজা দশৰথৰ পুতেক বুলি কয়।
— ইতানন্তঃ।
টিপ্পানি :—ৰামলক্ষ্মণ পাছৰ জন্মত শৰথৰ পুতেক হব পাৰে কিন্তু আগেয়ে যে ছাগল আছিল তাত সন্দেহ নাই।
প্ৰমাণ—১। ৰামলক্ষ্মণ যে আগেয়ে ছাগল আছিল তাৰ প্ৰমাণ স্বৰূপ শ্লেকটোত দুটা শব্দ আছে। বিপ্ৰপ্ৰিয়ং আৰু লোকাভিৰামং। ছাগলিৰ মঙ্গহ যে বামুনৰ প্ৰিয়বস্তু তাক বামুনে পূজা পাতল কৰি ছাগল কাটি খোৱাৰ পৰা বুজিব পাৰি। মানুহেও ছাগল কাটি খাই কথাও সাঁচা৷ বামুনক দেখি অন্য জাতৰ বৰ সুখ অনুভৱ কৰিব ধৰা
২য় প্ৰমাণ— আজিকালিও ৰাম ছাগল আছে। ৰাম ভাঙৰ লক্ষ্মণ সৰু! লক্ষ্মণ ছাগলৰ নাম নাথাকিলেও তোমালোকে সৰু জাতীয় ছাগলবোৰক লক্ষ্মণ ছাগল বুলিব পাৰা।
৩য় প্ৰমাণ—ৰামলক্ষ্মণক অজ ৰজাৰ নাতি বুলি কয়। অজ মানে ছাগল—গতিকে ইয়াৰ পৰাও বুজিব পাৰি যে ৰাম লক্ষ্মণ আগেয়ে ছাগল আছিল।
বিশেষ মাহ :—ৰামলক্ষ্মণ দুইয়ো মতা। সেই নিমিত্তে