পৃষ্ঠা:প্ৰতিমা.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জীৱন উচ্ছ্বাস। কি হল পৰাণ হায়! আছেই কি নাই, আকাশ কুসুম নেৰিছোঁ হৰি! হৰি! ! মিছা ভাৱনাত কিয় শক্তি হেৰুৱাওঁ পৰি হুমুনিয়া কাঢ়িছোঁ। বুলিলো মোহত যাক সংসাৰ ৰাক্ষস তাকেহে কুটুম মানিছো। সাবটি বুকুত লওঁ, মিছা আশা এৰোঁ মৰতৰ মৰণ আলয়। ঘূৰি আশা ইয়াতেই বান্ধো ইয়ালকে জীৱনৰ উদ্দেশ্য নিশ্চয়। খপিয়াবলৈ এৰি, এত আশ্ৰয়, শতমুখী এৰোঁ বাসনা। আকাশ কুসুম মলা সপোনত গঁথা লোৱাঁ সবে মিলি দিগঙ্গনা। যেন নেপাহৰোঁ জীৱৰ জীৱন বিশ্বৰ মঙ্গল নিদান। যি কাম আগতে দেখো ম‍ই, শিৱময়, সেয়ে মোৰ তো প্ৰমাণ। ७