পৃষ্ঠা:প্ৰতিমা.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিমা। জীৱন উচ্ছ্বাস। ভবিষ্যৰ মোহিনী ৰূপত ভোল গৈ— ৰচিলোঁ কল্পনা জখলা। সৰগৰ ভোগ ম‍ই মৰ হৈ বাঞ্ছিলোঁ আকাশ কুসুম কমলা। মায়াৰ পোহৰ জাল সুখেৰে আলিঙ্গি হলোঁ যে মগন বিমনা। আৰাম ফটিক৷ জালে বিশ্ৰাম পাটীত পাতিলোঁ সুখৰ জল্পনা। পিছে হায়! কোনোবাই মোক যেন তললৈ পেলালে অতল গভীৰ নজনা। সাৰ পাই চাওঁ যেন, সংসাৰ ৰাক্ষস হুতাশ, বিকট দৰ্শনা হেঁচা মাৰি ধৰি আছে উঠিৰ নিদিয়ে। যৰে তো ম‍ই ততে আছোঁ। নাই মুঠে সুখ আশা পলোৱা সপোন মই ওলটাৰ ধৰিছোঁ। যুক্তি চাই ৰাক্ষসেৰে পাৰোঁ যদি উঠোঁ বুলি, ঘূৰি চিপ মাৰিছোঁ।