পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৮২)

বাজিছে তোমাৰ অতীত লীলাৰ
   ৰিণিকি আজিও গভীৰ গানটি
দিশে দিশে তযু উদ্ভাসিত—আদৰ্শৰ হেম-কান্তি।

থাপিলে তোমাক অশোক-বিক্ৰম-হৰ্ষবৰ্দ্ধনে বিশ্বৰাণী,
ব্যাস-বুদ্ধ-শঙ্কৰ-নানকে প্ৰচাৰিলে তযু মোক্ষ বাণী;—
আজিও তোমাৰ গৰিমা-দীপ্তি বিশ্ব বিয়পি পৰিছে আই,
আজিও তোমাৰ মহান মহিমা মুগ্ধ মানৱে ৰইছে চাই।

গন্ধ-ব্যাকুল কানন তোমাৰ শস্য-প্ৰচুৰ শ্যামাঞ্চল,
কলনাদিনী তটিনী তোমাৰ দক্ষিণ মলয় সুশীতল।
কিহৰ অভাৱ, কিহৰ ভাগৰ, কিহৰ দুখত হবা আতুৰ?
ধনে ধানে আই মহত্বে মানে ধৰণীত নাই তোমাৰ তুল।

সূৰুযে পিন্ধায় সোণৰ কিৰীটি হিম-গিৰিৰ শ্বেত শৃঙ্গে;
চৰণ ধুৱায় বৰুণ-বালাই, আৰতি গায় নীল তৰঙ্গে।
নানা উপচাৰে প্ৰকৃতি সাদৰে সেৱিছে সততে ভাৰত মাতৃ,
পীড়িত জগত-তাৰণ হেতু সজাই তোমাক জগদ্ধাত্ৰী।

⸺⸺

জেঠ,
১৮৩৬ শক