পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


( ৭৮ )

আই তোৰ মন্দিৰ-দুৱাৰত

 মাতৃ-পূজাৰ যাত্ৰী সৱে মিলিছে উলাহত।
 —তোৰ, মন্দিৰ-দুৱাৰত।
(আজি) অপূৰ্ব্ব কি পৰ্ব্ব দিন,
 হিয়াত বাজে প্ৰেমৰ বীণ,
ভকতি-চকুলো জৰে মুগ্ধ যত সন্তানৰ—

 শান্তিময়ী শ্যামলী আইৰ নিবিড় আশ্ৰম
 নীলগিৰি বেঢ়ি আছে মুনি-মনোৰম—
 যতনে কোলাত পালি  স্নেহমন্দাকিনী ঢালি-
 আই মাতৃ জগদ্ধাত্ৰী আদ্যাশক্তি সন্তানৰ
 (দিলি) প্ৰেম ভক্তি পৰাণত।

আহাৰ,
১৮৪০ শক