পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


( ৭৪ )

মাৰ যোৱা নাই এতিয়াও তোৰ জীৰ্ণ বীণাৰ গীত,
প্ৰতিধ্বনি শিখৰে শিখৰে আজিও উচ্ছ্বসিত।

কোনটো সতেৰে পুৰণি কাহিনী পাহৰি উদাসী হবি,—
 কোনটো সতেনো নিজানত বহি
 চকুলো টুকিবি লাঞ্ছনা সহি?
আজিও যে তোৰ ভাগ্য-আকাশত জ্বলন্ত গৌৰৱ-ৰবি।

অতীত বুৰঞ্জী ক’ই কত শিলে চকু টোকে অধোমুখে;
 ধ্যান-মগ্ন গিৰি শিৰে শিৰ তুলি
 জীৰ্ণ মন্দিৰে গুণ গায় খুলি
পুৰণি জৰণাই দুন্দুভি বজাই তোৰে যশস্য ঘোযে।

(আজি) শিৰে শিৰে বয় গ্লানি অভিমান তাপিত হৃদয় গলি;—
ফুকাৰি শক্তি উগাৰি অনল
 দগ্ধ হৃদয় কৰছোঁ শীতল;
(তোৰ) উগ্ৰচণ্ডী মূৰ্ত্তি প্ৰৱল উঠক জগত জ্বলি।

বাৰিষাৰ ভীমনাদত মিলাই গৰজি দুনাই বাৰ,
 উঠছোঁ যিদৰে ৰাখিলি এদিন
 শৰাই-শিলত যুগমীয়া চিন৷—
সকলে গৌৰৱ পদানত হয় সগৰ্ব্বে যি মহিমাৰ।

⸺⸺

ফাগুন,

১৮৩৯ শক