পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৭৩)

শান্তিৰে আই হাঁহি থাক, অলঙ্ঘ্য তোৰ ৰম্যপুৰ,
 চিৰকাল উচ্চশিৰে, গৰবিনী মাতৃ মোৰ!

 চিন্তা কি তোৰ, শঙ্কা কি—দুৰ্জ্জয় যাৰ ক্ষত্ৰবীৰ?
দৰ্পে যাৰ কঁপে ধৰা
 কঁপে হিয়া আৰতিৰ
সন্তানৰ বীৰ ভক্ত
 শিৰত থাকে মানে ৰক্ত
শকতি কাৰ, ভাঙে ই তোৰ দুৰ্ভেদ্য প্ৰাচীৰ?

যুদ্ধ যাৰ ধূলা-খেলা, মৰণ সঙ্গী প্ৰিয়,
উল্লাসতে নাচে শোণিত
 গৰ্জ্জি উঠে জীৱ;
 নাজানে যি পৰাভৱ
 স্বাধীন সন্তান সৱ,
বুৰঞ্জী জিলিকে যাৰ যশে শত শতাব্দীৰ।

⸺⸺

ভাদ
১৮৪৭ শক