পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৬৩)

খোজে পতি  দোপে দোপে
 আগবাঢ়ি যা—
 ভাই, মূৰ ডাঙি চা-
ইফালে সিফালে  নেচাবি পাচফালে
 সমঢালে ডেকা ভাই
 জাকে আগুৱা-
বান্ধ ভাঙি মূৰ ডাঙি
 যাবি ডেকা দল,
⸺সাহ আছে ইচ্ছা আছে।
 গাত আছে বল;
কিহলৈ কৰি ভয়
 মানিবি পৰাজয়?
জগত-বিজয়ী ভাই
 ডেকা-ৰণুৱা।

আহিন,
১৮৫৮ শক