এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
(৫৯)
জীয়াই ৰব লাগে যদি,
লাগে যদি ঠাই—
পাচৰ ফালে নহয় চালে,
—বুকু ফিন্দাই উঠা ভাই
কেনিও কতো নাই অৱসৰ
সংগ্ৰাম ই যে চিৰ কালৰ
তীব্ৰ বেগে জীৱ জগতৰ
চলে সৰ্ব্বদায়-
বিচিত্ৰ ই বিৰোধ-খেলা
জাতি যুজৰ হেঁচা-ঠেলা,
বিৰক্ত হৈ দিলে ঢিলা,
—শতুৰুক দি লাই-
কোনো কালে পৰিত্ৰাণৰ
নৰব উপায়।
⸻
১৮৫৭ শক |