পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৫৮)
 বিঘ্নি আমাৰ খোজে খোজে,
 সঙ্গী মাথোঁ ধেনু কাঁড়;
 বিপদ বাটত চুপি আছে,
 -মৰণ ফুৰে পাচে পাচে,
 -কান্ধত দেশৰ গুৰু ভাৰ।
 বুকুত আছে অসীম সাহস, শিৰত ভগৱান,
 বাহুত আছে বিপুল শক্তি, মুঠিত ধেনু বাণ;
 তাৰেই কৰো শত্ৰু জয়
 অকণো নাই শঙ্কা ভয়;
ৰক্ষা কৰোঁ পাহাৰ আমাৰ, ৰক্ষা কৰোঁ জাতিৰ মান।

আহিন,
১৮৪৭ শক