নিৱেদন
এই পুথিত সংগ্ৰহ কৰা গীতবিলাকৰ বেছি ভাগেই বহুদিন পূৰ্ব্বতে ৰচনা কৰা হৈছিল, কিছুমানৰ বয়স ২০-২৫ বছৰো হৈছে। গীতবিলাক ৰচনা কৰা হৈছিল লেখকৰ নিজৰ উল্লাস আৰু তৃপ্তিৰ কাৰণে, দুই চাৰিটা গীত বিশেষ আৱশ্যকতাৰ বাবেও ৰচা হৈছিল, কিন্তু সেই সময়ত ৰচকে কেতিয়াও ভবা নাছিল যে তেওঁৰ গীতবিলাক সংগ্ৰহ কৰি পুথিত ছপা কৰিব লাগিব। বাস্তৱতে এই আওহেলাৰ বাবে ৰচকৰ ভাল বেয়া আৰু বহুত পুৰণি ৰচনা নানা প্ৰকাৰে থান-বান হৈ কালক্ৰমে লোপ পাইছে। সম্প্ৰতি আজি প্ৰায় দহ বাৰ বছৰৰ পৰাহে, লেখকৰ বন্ধু কেইজনমানে বৰকৈ আপত্তি কৰাত,—বিশেষকৈ আলোচনী বিলাকত মাজে সময়ে প্ৰকাশ হোৱা কিছুমান গীতৰ বাবে সদাশয় সঙ্গীতানুৰাগী ৰাইজৰ আগ্ৰহ হোৱা গতিকে গীতৰ পুথি এখন ছপাবলৈ সঙ্কল্প কৰা হৈছিল, আৰু বন্ধুসকলকো সেইদৰে প্ৰতিশ্ৰতি দিয়া হৈছিল। তদনুসাৰে দুজন মান বন্ধুৱে লেখকৰ গীতৰ পুথি “প্ৰতিধ্বনি’’ অলপতে ওলাব বুলি প্ৰায় বাৰ বছৰৰ পূৰ্ব্বেই আগ জাননীও প্ৰকাশ কৰিছিল ( অৱশ্যে “প্ৰতিধ্বনি’’ নামটো তাৰ আগতে থোৱা নাম ); কিন্তু ঘৰুৱা ৰাজহুৱা আৰু উপৰুৱা নানা ধৰণৰ আহুকালত সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা লেখকৰ পক্ষে কষ্টসাধ্য হৈছিল। ইতিমধ্যে লেখকে ৰচনা কৰা আৰু কিছুমান গীত পুথিত ঠাই দিব লগা হোৱাত পুথিখন সজোৱাতো বেমেজালি ঘটিল।
এতিয়া প্ৰায় তিনিশ মান গীত ছপাবলৈ যুগুত কৰি দেখা গল যে একেখন পুথিত এটাইবিলাকক ঠাই দিয়াতকৈ ভাগে ভাগে তিনিখন