পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


 (৫২)
বতৰে গোমাগুমি,
 ডাৱৰে জুমা-জুমি,
মনতে উমা-উমি
 কৰে কি ভাৱনা,
 --কেনেবা লাগে!
মেঘ ফাটে  দুমা দুম,
 ধুমুহাই ধুমাধুম
উৰি আহে গুম্ গুম
 জাকে জাকে,
 (আজি), বলীয়া জঁকে;-
বিজুলীৰ কড়মড়ি-
 দাঁতৰে মৰমৰি,
হৰ-হৰ শিল পৰি
 সৰগ ভাগে,—
মোক, এয়েহে লাগে!
আকাশৰ ভাঙে ৰোহ,
 বতৰৰ কাটে দোষ,
ধৰণীৰো মন-তোষ,
 মুকলি লাগে,—

  মোক, এয়েহে লাগে!

শাওন,
১৮ শক