পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৩৮)

দিখৌ নৈৰ পাৰতে,
 জৰি গছৰ ডালতে
 কপৌ যুৰি সাজিলে ঘৰ :
শিলে খুন্দি মাৰিলে
 চুৰমাৰ কৰিলে
 ধুমুহাত হল অথন্তৰ!
দিখৌ নৈৰ কানতে
 কাৰেং ঘৰ বান্ধিলে
 সৰ্গদেউ আছিলে চ’ৰা শুৱাই;—
হাবি বনে ঢাকিলে
 শেলুৱই ধৰিলে
 জহি খহি গলগৈ কালকে ধিয়াই।
দিখৌ নৈৰ দাতিতে
 গিৰী-গাঁও বহিলে
 ধানে ধনে উভৈনদী;—
ঘৰগিৰী উঠি গল
 চিনো নাইকিয়া হল
 মানে জানো গল গৈ বধি!

⸺⸺

আহিন,

১৮৫৮ শক