পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৩০)

ওলাই আহাঁ লগৰী—

 কাষতে লই ঘাগৰি;
ৰুণু-জুনু বজাই নুপূৰ
 শুনাই ৰঙৰ বাতৰি;—
 (আজি) ধৰণীৰ নতুন সাজ
 দিশে দিশে নৱৰাগ;
ডাৱৰৰ খাপে খাপে বিৰিঙে কি অনুৰাগ
বিৰিখৰ পাতে পাতে ৰহন চৰে ৰাঙলী—
 ৰমক জমক ফুলে ফুল
 গোন্ধতে আমোল মোল
ৰাংঢালী বহাগী পিন্ধে আঁজলি আঁজলি ফুল,
লচ্ পচী নৈ কথাকে কৈ মুখৰে নাই আজৰি।

⸻⸻

ফাগুন,

১৮৩৭ শক