এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
(২৯)
মাধৈ লতাৰ
মধুবনত
ফুলৰ দীপালি—
(আজি) নিশা জোনালী
তৰাৰ সতে
আলাসতে
পাতে মিতালি
(আজি) ধৰাৰ দুলালী;
তিৰে-বিৰায় থুপিতৰা,
তিৰে বিৰায় ফুল;
ফুল-কুঁৱৰী উজাগৰী
ৰূপতে মছগুল-
(আজি) গুলে-গুলালি
নীশা ৰাণী নীলাম্বৰী
ফুলে ফুলালী,-
(উৰায়) ফুলৰ ফুলজাৰী।
⸺⸺
১৮৫৮ শক |