এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
(২৮)
দে বৰষুণ দে,—
—ডবা-পিটা দে—;
পালী-পহৰীয়া লগাই
ঢোলে মৃদঙ্গে—।
কাজলী মেঘ, ঘোলা চকু,
লো বিৰিঙে, গধুৰ বুকু;—
দে উবুৰিয়াই দে—
ওদোল-মোদোল সকল ফালে,
কলহ-কানে পানী ঢালে,
লানি পাতি দিনে ৰাতি
হেঁপাহ পূৰাই দে;-
ঘৰ-পিৰালি পথাৰ তলী
বানে বুৰাই দে—।
⸺⸺
১৮৫৬ শক |