পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(২৭)

কপিলী আই ভৰিলি,
 উপছি নো পৰিলি!
ধল-পানীৰ কোলা
 সজাই নাগৰ দোলা—
পথাৰে সমাৰে  গাওঁ মেৰে-মেৰে
 দেশে বিদেশে ঘূৰিলি!

পাৰ ভাঙি সুঁতি
 লগায় জোটা-পুটি
শিঙা-পেঁপা বজাই  জান-জুৰি জগাই
 —বাৰিষা উছৱ কৰিলি!

⸺⸺

আহাৰ
১৮৫৬ শক