পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(২৫)

হাবিতেনো কান্দিছিলি হৰিণী ধুনীয়া
গছে গছে মাতিছিলি চৰাই বনৰীয়া,—
 সোণ বৰণীয়া—

পৰ্ব্বতৰে শীতল সুঁতি
 নাচি আহে সুৰৰ ধল
 জল কুঁৱৰী ৰাংঢালী
 শিলে শিলে উত্ৰাৱল,-
মাতিছিলি অময়াৰ মাতে বিনন্দীয়া
 —জুৰি বনৰীয়া।

⸺⸺

বহাগ,
১৮৫৫ শক