পৃষ্ঠা:প্ৰতিধ্বনি.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(১৩)

বহাগী বলীয়া  বতাহ মতলীয়া
 বিহুৱাৰ বাতৰি পাই—
জুম বান্ধি ডাৱৰে  আকাশ খন আৱৰে,
 —নিজৰাৰ আজৰি নাই।

 বুঢ়া কৈ লুইতৰ বহল যে পাৰ
 তাৰো যে ছেও লাগে গধূৰ যে গাত
তাৰো নো পাৰ ভাগি  ন-সুঁতি নাচি বাগি
 বিহুৱাৰ জান দি যায়,—
ভৰলু লচ্পচী  ঢৌৰ কাচন কাচি
 ঘূৰি ঘূৰি পাক দি গায়।

⸻⸻

বহাগ,
১৮৫০ শক