পৃষ্ঠা:প্ৰতিধ্বনি.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(১১)

ধাননিতে নাচন মাৰি
 ৰচকী মলয়া বা,
নাচি বাগি হালি জালি
 ৰঙৰ কথা কৈ যা—
গছৰ আগত জিলি মিলি—
 লুকাভাকু খেলি—
ফাকু সানি ৰঙা বেলি
 উঁকি-মাৰি চা
বেহাৰতলি উঠে ফুলি—
 সোণালি আঁচল মেলি,
গোন্ধতে পথাৰ ভৰি
 আমোল মোলায়;—
 কেউ পিনে নিমন্ত্ৰণ
 উলহ মালহ মন—
আনন্দতে গোটেই খন খলক লাগি যা,
 ৰঙৰ কথা কৈ যা!

⸺⸺

পুহ,
১৮৪০ শক