এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
(৮)
সৰগৰ জোনা বাই,
অজান দেশৰ হীৰা-কোঁৱৰ
উজাগৰে নিশা বগাই—
মোৰ পিৰালিত আজি সখা,
হাঁহি মাৰি দিলা দেখা
অকল সৰে আকাশ বাই—
কিনো মনৰ কথা পাতোঁ,
দুপৰ নিশা দুয়ো মাথোঁ
(আমি) দুইকো দুয়ো আছো চাই—
কাৰো কতো সঁহাৰি নাই!
⸺⸺
১৮৫৮ শক |