এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
(৯১)
আগত আজি তৱ অতিথি অভিনৱ
মন্দিৰ-দুৱাৰে, মাতৃ!
জাগ্ৰত আজি তৱ কাণ্ডাৰী মাধৱ,
—মিলিত যত দূৰ-যাত্ৰী।
আজি মহাপৰৱৰ অপূৰ্ব্ব পয়োভৰ! উল্লাস-গীতি ঘনে বাজে,
মঙ্গল-আৰতি বাজে দূৰ-সুৰ-পুৰে
বাজে পাঞ্চজন্য বিপুল ভীম-সুৰে
উজ্জ্বল উঠে জ্বলি ভৱিষ্য লক্ষ্য সুদূৰে সুন্দৰ সাজে!
বিশ্ব বিয়পি যায় কৰ্ম্মৰ কলৰৱ; কিহেতু নীৰৱে নত হবি?
আত্মপ্ৰচাৰ হেতু জাগে শত কোটি
সত্য প্ৰকাশি উঠে ধৰ্ম্মৰ জ্যোতি,
কিহেতু তিমিৰে পৰি নয়ন মুদিবি আই?
আজিও তোৰ জ্বলে ভাগ্য-ৰবি?
পুৰণি গৌৰৱ স্মৰি বিজয়-কেতন ধৰি হোৱা বীৰ সৱে আগুৱান
নতুন যুগৰ নৱ বাৰতা সূচাই আজি
উদিছে নৱ-ৰবি কিৰণে জগত ৰাঁজি;—
পৰিহৰি উদাসীন আলস্য ভাৱ হীন ৰাখা বীৰ জাতিৰ সন্মান।
⸺⸺
১৮৪৮ শক |