পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৮৯)

লুইত আমাৰ ব্ৰহ্মপুত,—
 আমাৰ শিৰৰ মণিকুট,
লুইত আমাৰ  উপত্যকাৰ
 দুৱাৰ-ৰক্ষী দেৱদূত।
 আমাৰ তীৰ্থ পুণ্য-তীৰ,
 আমাৰ চিৰ শান্তি-নীড়,
জীৱন-বীণাৰ  সুৰৰ আধাৰ,
 সঙ্গীত আমাৰ দ্ৰৱীভূত।
 মুকুতিৰ সিংহ-দ্বাৰ,
 উল্লাসৰ জয়-হুঙ্কাৰ,
আমাৰ হৰ্ষ প্ৰীতিৰ উৎস,
 সঞ্জীৱনী মন্ত্ৰ-পূত।
 আমাৰ নিপুণ খনিকৰ;
 নিত্য-নৱ-সৌষ্ঠৱৰ
আমাৰ গৰ্ব্ব  গৌৰৱৰ
 চিত্ৰ-পট অদভূত!

⸺⸺

আহাৰ
১৮৫৯ শক