পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৮৮)

পৰশি তোমাৰ কমল পাৱ
বন্ধন-মুক্ত বিশ্ব তোমাৰ পৰশি কমল পাৱ
  নমো নমো জননী পতিত-পাৱনী
   জগত-তাৰিণী মাও।

শিতানৰে পৰা হিমাচলে ঢালে অনন্ত আকাশী অমিয়া-ধাৰ;
অসংখ্য গিৰিজাই উৰুলি বজাই ডিঙিত পিন্ধায় হীৰাৰ হাৰ।
বছৰি বৰ্ষাই দিয়েহি ধুৱাই আতপ-তপ্ত তোমাৰে গা
হৰিতাচঁলত চোঁৱৰ বিছি যায় গোন্ধতে বিভোল বহাগী বা।

বনে বনে জিনি উঠে অবিৰল আকুল উল্লাস-প্ৰীতি
গিৰি গুহা ভৰি তোমাৰে গভীৰ পুলক-স্পন্দন-গীতি
অতীতে দূৰে তযু উজ্জ্বল স্মৃতি ঘেৰি সুন্দৰ জ্যোতি পৰকাশ,
যুগ-যুগান্তৰে জিলিকি আছে তযু মহিমান্বিত ইতিহাস।

তোমাৰ অন্নে পালিত ভুবন, দানত জগত মুগ্ধ,
তোমাৰ কৰুণাত আৰ্দ্ৰ ধৰা, মহত্বে বিশ্ব মুক্ত!
জনমে জনমে তোমাৰ পদধূলিত মৰি যেন মিলি যাওঁ;
জনমে জনমে তোমাৰ কোলাত যেন ঘূৰি ঘূৰি জনম পাওঁ॥

⸺⸺

আহিন
১৮৪৮ শক