পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৮৫)


তোৰ চেনেহৰ সুজিম ঋণ,
তোৰ মৰমৰ ৰাখিম চিন।
শুনিছো, মাতৃ!  আতুৰৰ মাতটি—
 পৰ্ব্বতে ভৈয়ামে  গৃহস্থি-আশ্ৰমে
  বাজিল বিয়াকুল মুকুতিৰ বীণ;
অন্ধ-জড়তা  তুচ্ছ বিৰোধ
  দৈন্য-হীনতা খল,
   সকলো পেলাই তল
মাতৃ-স্নেহৰ   বিৰাট বিপুল
  উপছি আহিল ধল;
কৰিছে ব্যৰ্থ  ক্ষুদ্ৰ স্বাৰ্থ,—
 অসুয়া অনৰ্থ গৈছে জীণ
  যত আৱৰ্ত্ত হইছে লীন।

⸺⸺

আঘোন
১৮৫৭ শক