পৃষ্ঠা:প্ৰচণ্ড.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 ২০০১ চনৰ পৰা ২০০৬ চনৰ ভিতৰত মই পাঁচবাৰ কাঠমাণ্ডুলৈ গৈছিলোঁ। অইন যিকোনো পৰ্যটকৰ দৰে ময়ো নেপাল ভ্ৰমণলৈ গৈছিলোঁ। নেপালত চলি থকা ৰাজনৈতিক সংকটৰ প্ৰতি মোৰ বিশেষ আগ্ৰহ নাছিল। তদুপৰি মই এই কথা ভালকৈয়ে উপলব্ধি কৰিছিলোঁ যে নেপালৰ ৰাজনৈতিক সংঘাত উন্মোচন কৰিবলৈ যোৱাটো এটা অতিশয় দুৰূহ কাম হ’ব।

 কিন্তু ২০০৬ চনৰ এপ্ৰিলত মই কাম কৰা কাগজখনৰ সম্পাদকে মোক নেপালৰ জনযুদ্ধৰ বাতৰি সংগ্ৰহ কৰিবলৈ দায়িত্ব দিয়াত মোৰ হঠাৎ নেপালৰ প্ৰতি আগ্ৰহ জন্মিছিল। ইয়াৰ পাছতে ২০০৬ চনৰ ছেপ্টেম্বৰ মাহত মই কাঠমাণ্ডুলৈ বদলি হ’লোঁ। মোক যি কামৰ দায়িত্ব দিয়া হৈছিল তাৰ বাবে মই সেউজ প্ৰকৃতিৰ বিনন্দীয়া দেশখনৰ ৰাজনীতি বুজি পোৱাটো জৰুৰী হৈ পৰিছিল। তাৰ মাজতে মাওবাদী প্ৰধান প্ৰচণ্ড আত্মগোপনৰ পৰা জনতাৰ মাজলৈ ওলাই আহিছিল। তেতিয়া আপুনি য’লৈকে যায় তাতে কেৱল কট্টৰ কমিউনিষ্ট নেতাগৰাকীৰ কথাই শুনিব।

 কিছুমানৰ মতে প্ৰচণ্ড এজন অতিশয় নিৰ্দয়-নিষ্ঠুৰ ব্যক্তি। যিজনে এক দশকতকৈও অধিক কাল ৰক্তাক্ত জনযুদ্ধৰ নেতৃত্ব দি তেৰ হেজাৰতকৈও অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে। আন বহুতৰ কাৰণে মাওবাদী প্ৰধানজন ‘নায়ক’, এজন প্ৰকৃত সৰ্বহাৰাৰ নেতা। যি বিশ্বৰ এখন অতি দৰিদ্ৰ দেশৰ হেজাৰ হেজাৰ দুখীয়া তথা নিষ্পেষিত জনতাৰ কণ্ঠক বিশ্ববাসীৰ আগত তুলি ধৰিছিল।

 অতি সোনকালে মই এই কথা বুজি উঠিছিলোঁ যে নেপালৰ ৰাজনীতিৰ নতুন অভিকেন্দ্ৰ প্ৰচণ্ড। তেতিয়ালৈকে ধীৰেন্দ্ৰ প্ৰসাদ কৈৰালা আৰু তেওঁৰ কনিষ্ঠ ভাতৃ গিৰিজা প্ৰসাদ কৈৰালা নেপালৰ সৰ্বোচ্চ ৰাজনৈতিক নেতা আছিল। মই নেপালত থাকিবলৈ লোৱাৰ কেইমাহমানৰ পাছতে মোৰ বন্ধু আৰু সতীৰ্থ সাংবাদিকসকলে মোক সুধিছিল যে মই প্ৰচণ্ডক লগ পাইছোঁ নেকি বা তেওঁৰ সাক্ষাৎকাৰ ল’ব পাৰিছোঁ নে নাই? মানুহজনৰ ভাবমূৰ্তিৰ বিষয়ে উপলব্ধি কৰি তেওঁৰ প্ৰতি মোৰ