পৃষ্ঠা:প্ৰচণ্ড.pdf/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১১

১১

ৰজাৰ প্ৰতিনিধিৰ সৈতে মত বিনিময়

 সংবিধানৰ ১২৩ নং অনুসূচীৰ আধাৰত ৰজা জ্ঞানেন্দ্ৰই ২০০২ চনৰ ৪ অক্টোবৰত প্ৰথমবাৰৰ বাবে নেপালত প্ৰত্যক্ষ শাসন আৰম্ভ কৰে। শ্বেৰ বাহাদুৰ দেউবাক অপসাৰণ কৰাৰ পাছত, ৰজাই সৰ্বোচ্চ ক্ষমতা নিজৰ হাতলৈ নিয়া সন্দৰ্ভত এটি বিবৃতি প্ৰকাশ কৰে, বিবৃতিটোত কোৱা হয়—

‘নেপাল আৰু নেপালী জনসাধাৰণৰ কল্যাণ সাধনেই আমাৰ অন্যতম
লক্ষ্য। ইতিহাসলৈ চালে দেখা যায় নেপালৰ ৰাজতন্ত্ৰ সদায় জনসাধাৰণৰ
আশা-আকাংক্ষাৰ দ্বাৰা পৰিচালিত হৈ আহিছে। আমি আকৌ এবাৰ
গণতন্ত্ৰৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা প্ৰকাশ কৰিছোঁ৷ লগতে দেশবাসীক
এই আশ্বাসো আমি দিব বিচাৰোঁ যে আমি সদায় গণতান্ত্ৰিক প্ৰমূল্যৰ
দ্বাৰা চালিত হৈ থাকিম।’

 শ্বেৰ বাহাদুৰ দেউবাক ততাতৈয়াকৈ ক্ষমতাৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত বৰ বেয়াকৈ সমালোচিত হৈছিল। ভালেকেইটা ৰাজনৈতিক দলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰাৰ এসপ্তাহ পাছত ৰজা জ্ঞানেন্দ্ৰই ১১ অক্টোবৰত লোকেন্দ্ৰ বাহাদুৰ চান্দক অন্তৱৰ্তীকালীন প্ৰধান মন্ত্ৰী নিযুক্তি দিয়ে। চান্দৰ তাৎক্ষণিক দায়িত্বৰ ভিতৰত আছিল দেশখনত শান্তি আৰু

৮৫