পৃষ্ঠা:প্ৰচণ্ড.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এন আই ডিৰ বিষয়াসকল অৱগত নাছিল যে প্ৰচণ্ডই দাঢ়ি বাখিছিল আৰু চছমা পিন্ধিবলৈ লৈছিল।

 মানৱ অধিকাৰ কৰ্মীসকলে প্ৰচণ্ডৰ মূৰৰ দাম ঘোষণা কৰি বিবৃতি দিয়াৰ বাবে গৃহমন্ত্ৰী কান্দেলক বৰ বেয়াকৈ সমালোচনা কৰিছিল। গৃহমন্ত্ৰীজনে দাবী কৰিছিল যে যিকোনো ব্যক্তিয়ে তেওঁলোকক সহযোগ কৰিবলৈ আগবাঢ়ি আহিব, যিহেতু ইমান বেছি পৰিমাণৰ ধন ঘোষণা কৰা হৈছে।

 কান্দেলে এটি অনুষ্ঠানত মুকলিকৈ কৈছিল— ‘তেওঁলোকৰ মূৰবোৰ এখন মোনাত লৈ আহাঁ আৰু আনখন মোনাত টকা লৈ যোৱা।’

 চৰকাৰে প্ৰচণ্ডৰ মূৰৰ পিছত লগাত, মাওবাদীসকলে তেওঁলোকৰ অধ্যক্ষ তথা সংগঠনটোৰ আন শীৰ্ষ নেতাসকলৰ নিৰাপত্তাৰ বাবে চিন্তিত হৈ পৰিছিল। সেই সময়ত প্ৰচণ্ড বেছিকৈ মুম্বাইত আছিল, কাৰণ শিলিগুড়ি বা দিল্লীত থকাটো তেওঁ সম্পূৰ্ণ নিৰাপদ অনুভৱ কৰা নাছিল। তাৰ মাজতে প্ৰচণ্ডৰ পুত্ৰ প্ৰকাশে দ্বাদশ শ্ৰেণীলৈ পঢ়া শেষ কৰি দেউতাকৰ লগত সংগঠনৰ সক্ৰিয় কৰ্মী হিচাপে যোগদান কৰে। ভাৰতলৈ আহোঁতে প্ৰকাশে প্ৰচণ্ডৰ নিৰাপত্তা ব্যৱস্থা চোৱা-চিতা কৰিছিল। প্ৰচণ্ডৰ পত্নী সীতাই এই বিষয়ে কয়—

‘চৰকাৰে তেওঁক (প্ৰচণ্ডক) জীৱিত অথবা মৃত অৱস্থাত বিচাৰি নাপাই
হতাশ হৈ পৰিছিল। ভ্ৰমণ কৰোঁতে আমি খুব সাৱধান হৈছিলোঁ।
নেপালৰ জনসাধাৰণৰ ভৱিষ্যতৰ কথা ভাবিয়েই আমি আমাৰ গোটেই
পৰিয়ালটোৱে এনে এটা ডাঙৰ ৰিস্ক লৈছিলোঁ।’

 মাওবাদী আন্দোলন বিয়পি পৰাৰ লগে লগে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেপালৰ প্ৰতি আগ্ৰহ বাঢ়িবলৈ ধৰে। ১৮ জানুৱাৰীত মাৰ্কিন ৰাষ্ট্ৰসচিব ক’লিন পাৱেলৰ নেতৃত্বত এটি প্ৰতিনিধি দল কাঠমাণ্ডুলৈ উৰা মাৰে। প্ৰতিনিধি দলটোত অন্যান্যসকলৰ লগতে আছিল জইণ্ট ছীফ অৱ দ্য ষ্টাফৰ অধ্যক্ষৰ সহকাৰী ভাইচ এডমিৰেল ৱাল্টাৰ ডৰেন। এই ভ্ৰমণত পাৱেলে ৰজা জ্ঞানেন্দ্ৰ, প্ৰধান মন্ত্ৰী দেউবা আৰু নেপাল ৰয়েল আৰ্মিৰ সেনাধ্যক্ষ জেনেৰেল প্লাজৱল্লা শামশ্ৰী য়ুং বাহাদুৰ ৰাণাক সাক্ষাৎ কৰে। ইয়াৰ দুমাহ পাছতে নেপালৰ ৰয়েল নেপাল আৰ্মিক চোৰাংচোৱা বিমান, সা-সামগ্ৰী আৰু কাৰিকৰী দিশত সহায় কৰাৰ বাবে মাৰ্কিন পেছিফিক কামাণ্ডোৰ এটা দল নেপালত আহি উপস্থিত হয়।

 ৯/১১ কাণ্ডৰ পাছত মাৰ্কিন চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি ঘোষণা কৰা যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেউবা চৰকাৰে নেপালৰ ছবছৰ পুৰণি সশস্ত্ৰ সংগ্ৰামৰ তাৎক্ষণিক সমাপ্তি বিচাৰি ৱাশ্বিংটনৰ কাষ চাপিছিল। কিন্তু নেপালৰ জনযুদ্ধ আৰু ওছামা বিন

৮০