পৃষ্ঠা:প্ৰচণ্ড.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নেপাল আৰ্মিৰ ছাউনি আৰু বিমানকোঠত এই বৃহৎ আক্ৰমণ চলাইছিল। বিদ্ৰোহী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ মাজত মাজনিশাৰ পৰা পিছদিনা সন্ধিয়ালৈকে নিবন্তৰ গুলীয়াগুলী চলিছিল।

 মাংগালসেন অভিযানৰ সফলতাৰ কাৰণ সম্পৰ্কে প্ৰচণ্ডই মাওবাদী দলৰ মুখপত্ৰ ‘দ্য ৱৰ্কাৰ’ত কৈছিল—

‘প্ৰতিখন যুদ্ধক্ষেত্ৰত পিপুলছ্ লিবাৰেছন আৰ্মি অপ্ৰতিৰোধ্য আছিল,
কাৰণ সংগঠনটোৰ প্ৰতিগৰাকী সদস্যই আছিল গভীৰভাৱে দায়বদ্ধ।
তেওঁলোকৰ ভক্তি আছিল, চেতনা আছিল আৰু তেওঁলোক ত্যাগ
কৰিবলৈ সদা প্ৰস্তুত আছিল। আনহাতে এটাৰ পাছত এটাকৈ ধাৰাবাহিক
পৰাজয়ে নেপাল আৰ্মিক বিধ্বস্ত কৰি পেলাইছিল আৰু তেওঁলোকৰ
মনোবল ভাঙি দিছিল।’

 সমগ্ৰ নেপালত মাওবাদীসকলৰ ক্ৰমান্বয়ে বাঢ়ি অহা শক্তিত ক্ষুব্ধ হৈ দেউবা চৰকাৰে ২০০২ চনৰ এপ্ৰিলত শীৰ্ষ মাওবাদী নেতাসকলৰ মূৰৰ দাম ঘোষণা কৰে। শীৰ্ষ নেতা প্ৰচণ্ড, বাবুৰাম ভট্টৰায় আৰু মোহন বৈদ্যৰ মূৰৰ দাম পাঁচ মিলিয়নলৈকে ঘোষণা কৰাৰ বিপৰীতে কেন্দ্ৰীয় সমিতিৰ সদস্যসকলৰ মূৰৰ দাম তিনি নিযুতকৈ ঘোষণা কৰে। গৃহ দপ্তৰৰ ৰাজ্যমন্ত্ৰী দেবেন্দ্ৰ ৰাজ কান্দেলে এই সন্দৰ্ভত কৈছিল—

 ‘আমি তেওঁলোকৰ মূৰৰ মূল্য ঘোষণা কৰিছোঁ। তেওঁলোকে লুটি

পত্নী সীতা, প্ৰকাশ আৰু নাতিনীৰ সৈতে প্ৰচণ্ড, মুম্বাইৰ সাগৰ তীৰত

৭৭