পৃষ্ঠা:প্ৰচণ্ড.pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰচণ্ড পথ

 ২০০১ চনৰ ২৫ ফেব্ৰুৱাৰীৰ দিনটো মাওবাদীৰ বাবে এটা ‘টাৰ্ণিং পইণ্ট’ আছিল। মাওবাদীৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলনত প্ৰচণ্ডক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। তাৰ আগলৈকে সংগঠনটোৰ মুৰব্বী আছিল সাধাৰণ সম্পাদক। এই সন্মিলনত প্ৰচণ্ডই উত্থাপন কৰা প্ৰতিবেদনখনৰ শিৰোনাম আছিল ‘দ্য গ্ৰেট লিপ ফ’ৰৱাৰ্ড : এন ইন এভিটেবল নীড় অৱ হিষ্টৰী’। সন্মিলনত এই প্ৰতিবেদনখনৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই কমিউনিষ্ট পাৰ্টি অৱ নেপালে ‘প্ৰচণ্ড পথ’ক দলৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰে।

 প্ৰায় পাঁচ বছৰ ধৰি সশস্ত্ৰ সংগ্ৰাম চলোৱাৰ পাছত মাওবাদী বিদ্ৰোহীসকলে উপলব্ধি কৰিছিল যে পূৰ্বৰ কোনো সৰ্বহাৰাৰ বিপ্লৱৰ তত্ত্বকে নেপালৰ ৰাজনৈতিক ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰয়োগ কৰা সম্ভৱ নহয়। সেয়েহে একবিংশ শতিকাৰ এই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ দলটোৱে ‘প্ৰচণ্ড পথ’ গ্ৰহণ কৰিছিল।

 ‘প্ৰচণ্ড পথ’ সম্পৰ্কে প্ৰচণ্ডই ডাবলিনৰ ছ'চিয়েলিষ্ট ৱৰ্কাৰ্ছ পাৰ্টিৰ মুখপত্ৰ ‘এ ৱৰ্ল্ড টু উইন’ৰ সৈতে ২০০১ চনৰ ২৪ মে’ত হোৱা এটা সাক্ষাৎকাৰত কৈছিল—

৬৭