পৃষ্ঠা:প্ৰচণ্ড.pdf/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৰত ভ্ৰমণ সমাপ্ত কৰি নেপালত ভৰি থ’লেহি। ভ্ৰমণৰ সময়ছোৱাত নেপাল আৰ ভাৰত উভয় দেশে কোচি আৰু সোণকোচি বান্ধ সন্দৰ্ভত একেলগে কাম কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি ঐকমত্যত উপনীত হৈছিল। বিতৰ্কিত লক্ষ্মণপুৰ বান্ধ সন্দৰ্ভতো বিবাদ মীমাংসা কৰিবলৈ এক যুটীয়া কাৰিকৰী সমিতি গঠনৰ প্ৰস্তাৱ লোৱা হৈছিল নেপাল-ভাৰত বন্ধুত্ব চুক্তি ১৯৫০ৰ পুনৰ সমীক্ষণ কৰি এই সন্দৰ্ভত কাম-কাজ চলাই নিবলৈ দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰী দুজনক আদেশ জাৰি কৰা হৈছিল।

 কৈৰালা চৰকাৰৰ এই সফলতা তথা ভ্ৰমণক বিৰোধী দল চি পি এন (ইউ এ এন)ৰ নেতা মাধৱ কুমাৰ নেপালে ব্যৰ্থতা বুলি দাবী কৰিছিল। কৈৰালাক আন আন বিষয়তো সমালোচকসকলে আক্ৰমণ কৰিছিল। কৈৰালাৰ উত্তৰাধিকাৰী কৃষ্ণপ্ৰসাদ ভট্টৰায়ে জলসম্পদ বিভাগৰ মন্ত্ৰী খুম বাহাদুৰ খাদকাক কেবিনেটৰ পৰা অপসাৰিত কৰাৰ বাবে কৈৰালাক সমালোচনা কৰিছিল৷

 সেই সময়তে ৰাজকুমাৰ জ্ঞানেন্দ্ৰৰ পুত্ৰ তথা ৰজা বীৰেন্দ্ৰৰ ভতিজাক ৰাজকুমাৰ পৰশে নেপালৰ সংগীতজ্ঞ প্ৰবীণ গুৰুঙক গাড়ীৰে খুন্দিয়াই নিহত কৰে। কিন্তু কৈৰাল চৰকাৰে এই দুৰ্ঘটনা সন্দৰ্ভত ৰাজকুমাৰ পৰশৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা হাতত লোৱাৰ পৰা বিৰত থকাৰ ঘটনাই জনসাধাৰণক উত্তেজিত কৰি তুলিছিল।

 চৰকাৰখনৰ নৈতিক ভেটি দুৰ্বল হৈ থকাৰ সময়ছোৱাতে প্ৰচণ্ডই সুযোগৰ সদ্ব্যৱহাৰ কৰি চৰকাৰে আগবঢ়োৱা আলোচনাৰ প্ৰস্তাৱ নাকচ কৰে। আলোচনাৰ বাতাৱৰণ সৃষ্টি নোহোৱালৈকে তেওঁ আলোচনাত নবহাৰ কথা চৰকাৰক স্পষ্টভাৱে জনাই দিয়ে। লগে লগে প্ৰচণ্ডই কেদাৰসকলক ভিন্ন স্থানত বিদ্ৰোহী অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰে। মাওবাদী বিদ্ৰোহীসকলে চৰকাৰক বিনাচৰ্তে বন্দী নেতা আৰু সদস্যসকলক মুকলি কৰিবলৈ দাবী জনাইছিল। এটা বিবৃতিত প্ৰচণ্ডই লিখিছিল—

‘যেতিয়ালৈকে চৰকাৰে মাও বিদ্ৰোহীসকলৰ বিৰুদ্ধে দমনমূলক আঁচনি
গ্ৰহণ কৰি থাকিব আৰু আমাৰ দাবী-চৰ্তবোৰৰ প্ৰতি আওকাণ কৰিব
তেতিয়ালৈকে আলোচনাৰ মজিয়ালৈ আমাৰ প্ৰতিনিধিক প্ৰেৰণ কৰা
কথাটো নিৰৰ্থক।

 মাও বিদ্ৰোহীৰ ‘স্পেচিয়েল শ্বক’ অভিযানৰ অধীনত তেওঁলোকৰ কেদাৰসকলক সামৰিক অভিযানৰ পৰিসৰ ব্যাপক কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল। সেই নিৰ্দেশমতে আগষ্ট মাহৰ ২৩ তাৰিখে মাও বিদ্ৰোহীসকলে নৱালপাৰাচী জিলাৰ অন্তৰ্গত ধাৱাদী পুলিচ চকীৰ ওপৰত আক্ৰমণ চলাই দহটা ৰাইফলকে ধৰি ভালেসংখ্যক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি নিয়ে।

 সাতদিনৰ পাছত পুনৰ ঝাপা জিলাৰ মহাবাড়ী আৰক্ষী চকীত আক্ৰমণ কৰি

৬২