পৃষ্ঠা:প্ৰচণ্ড.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্থাপনৰ ব্যৱস্থা হাতত লৈছিল। এনেধৰণৰ কেইখনমান আদালত পূব পাহাৰীয়া জিলাৰ লগতে দূৰৈৰ পশ্চিমীয়া জিলাবিলাকতো স্থাপন কৰা হৈছিল। মাওবাদীসকলৰ এই আদালতসমূহৰ ভিত্তি আছিল জনসাধাৰণ। তেওঁলোকে ঘটনাৰ সত্যাসত্য প্ৰমাণৰ লগতে দেশত চলিত প্ৰথাৰ ওপৰত ভিত্তি কৰি ন্যায় বিচাৰ কৰিছিল। ভাণ্ডাৰীয়ে এই প্ৰসংগত কৈছে—

‘এই গোচৰ প্ৰক্ৰিয়াত সৰ্বসাধাৰণ লোকো জড়িত হৈ পৰাত
স্বাভাৱিকতেই আমাৰ ৰায়দানক জনসাধাৰণে সন্মানসহকাৰে মানি
লৈছিল। আমাৰ বিচাৰকসকলৰ কাৰো আইনগত প্ৰশিক্ষণ নাছিল।
সেয়ে বহু সময়ত তেওঁলোকে আৱেগৰ বশৱৰ্তী হৈ ৰায়দান কৰাৰ
ফলত বিচাৰ প্ৰক্ৰিয়াত বহুতো ভুল ৰৈ গৈছিল।’

 মাওবাদীসকলে প্ৰতিষ্ঠা কৰা গণ আদালতৰ সফলতাত তেওঁলোক আনন্দিত হ’লেও মানৱ অধিকাৰ সংঘৰ দৰে আন আন নেপালী কৰ্তৃপক্ষই এই ব্যৱস্থাত অসন্তুষ্টি প্ৰকাশ কৰিছিল। তেওঁলোকে এই ব্যৱস্থাক কেংগাৰু ক’ৰ্টৰ লগত তুলনা কৰিছিল। তেওঁলোকৰ অভিযোগ মতে এনে গণ আদালতসমূহ মাওবাদীসকলৰ মইমতালি আৰু মাও আদৰ্শৰ লগত সংগতি ৰাখি প্ৰতিষ্ঠিত কৰা হৈছিল। এই আদালতবোৰ কোনো আইনৰ ওপৰত ভিত্তি কৰি প্ৰতিষ্ঠিত নহয়।

‘গণ আদালতৰ বিচাৰৰ নামত মাৰপিট আনকি হত্যাৰ দৰে ঘটনা
সংঘটিত হোৱাৰ বাতৰিৰ লগতে এনে আন বহুতো তথ্য নেপালস্থিত
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সংস্থাৰ হাতত পৰিছিল।

 ২০০০ চনৰ মাজভাগত মাওবাদীসকলে নেপালৰ সৰ্বমুঠ ৭৫খন জিলাৰ ভিতৰত ৪৫খন জিলাত নিজৰ কাম-কাজ অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল। সেই সময়ৰ নেপালৰ বৈদেশিক মন্ত্ৰী চক্ৰ পি বচতলাই কৰা অভিযোগ মতে, মাওবাদীসকলে তেওঁলোকৰ গণযুদ্ধ চলাই নিয়াৰ ক্ষেত্ৰত ভাৰতে অস্ত্ৰ-শস্ত্ৰ দি সহায় কৰিছিল আৰু ভাৰতত থকা পিপুলছ ৱাৰ গ্ৰুপে (পি ডব্লিউ জি) মাওবাদীসকলক সহায়ৰ হাত আগবঢ়াই আহিছে।

 কৃষ্ণপ্ৰসাদ ভট্টৰায়ে প্ৰধান মন্ত্ৰীৰ দায়িত্বভাৰ লোৱাৰ এবছৰৰ ভিতৰতে পদত্যাগ কৰিবলৈ বাধ্য হয়। ২০০০ চনৰ মে' মাহত গিৰিজাপ্ৰসাদ কৈৰালাই চৰকাৰৰ মুৰব্বী হিচাপে দেশৰ শাসনভাৰ চম্ভালি লয়। প্ৰচণ্ডৰ লগতে আন আন মাওবাদী কেদাৰসকলে দাবী কৰি অহা সাংবিধানিক চৰকাৰ আৰু তেওঁলোকৰ সংগঠনৰ কাৰ্যাৱলীৰ বিৰুদ্ধে কৈৰালা চৰকাৰে গ্ৰহণ কৰা কেতবোৰ উগ্ৰ আৰু কঠোৰ নীতিয়ে তেওঁলোকক বিপাঙত

পেলাইছিল। ফলস্বৰূপে সংগঠনটোৱে কৈৰালা চৰকাৰলৈ তেওঁলোকৰ স্থিতি সম্পৰ্কে

৫৯