পৃষ্ঠা:প্ৰচণ্ড.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অপাৰেশ্যন কিল' চিৰা-২

 প্ৰধান মন্ত্ৰী গিৰিজাপ্ৰসাদ কৈৰালাৰ পৃষ্ঠপোষকতাত পৰিচালিত হোৱা ‘অপাৰেশ্যন কিল’ চিৰা-২’ নেপালৰ সাধাৰণ নিৰ্বাচনৰ সময়লৈকে চলি আছিল। পাঁচখন জিলাক সামৰি লোৱা মাওবিৰোধী এই অভিযানটো বহুতো অন্যায় হত্যাকাণ্ড, ধৰ্ষণ, বলপূৰ্বক আটক, অত্যাচাৰ আদিৰ দৰে অমানুষিক কাৰ্যকলাপত জড়িত হৈ মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগত অভিযুক্ত হৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল।

 এই অভিযানৰ ফলস্বৰূপে প্ৰায় পাঁচশমান নিৰীহ জনগণৰ মৃত্যু হৈছিল। জনপ্ৰিয় নেপালী লেখক দীপক থাপাৰ মতে এই অভিযানত মাওবাদীসকলৰ উপৰি বহুতো নিৰ্দোষী লোকে মৃত্যুক আঁকোৱালি লৈছিল।

 কৈৰালা চৰকাৰৰ মাও বিদ্ৰোহী নিধনৰ পাশৱিক কাৰ্যই তেওঁলোকক অধিক আক্ৰোশী কৰি তুলিছিল। ২০০১ চনত সমগ্ৰ নেপালজুৰি চলোৱা এক সমীক্ষাত দেশৰ ৩০% জনসাধাৰণে পোষণ কৰা মত অনুযায়ী দেশত মাওবাদী বিদ্ৰোহীৰ দ্ৰুত উত্থানৰ মূলতেই হ’ল মাওবাদীৰ ওপৰত চলোৱা পুলিচ আৰু আৰক্ষী বাহিনীৰ বৰ্বৰ অত্যাচাৰ। দেশৰ দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু দুৰ্নীতি আদিবোৰ চৰকাৰৰ বাবে

৫৫