পৃষ্ঠা:প্ৰচণ্ড.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুবাদকৰ কথা

 লেখা-মেলা, অনুবাদ⸺ এইবোৰক মই ছিৰিয়াছলি লোৱা নাই কেতিয়াও। এখন হাতৰ আঙুলিৰ মূৰত গণি শেষ কৰিব পৰাকৈ যিকেইটা লেখা লিখিছোঁ বা অনুবাদ কৰিছোঁ সেয়া খং, ভাবুকি, এৰাব নোৱৰা অনুৰোধ বা হেঁচাত কৰিছোঁ। ছিৰিয়াছ লেখকসকলৰ দৰে পঢ়া-শুনাও মোৰ প্ৰণালীবদ্ধ নহয়। য’ত যি ভাল লাগে তাকে পঢ়িছোঁ, কোনো নিৰ্দিষ্ট বিষয়বস্তু নাই। এনেকুৱা কিছুমান লেখা আছে যিবোৰ ১৫-২০ বাৰতকৈ বেছি পঢ়িছোঁ। যেনে মনোজ কুমাৰ গোস্বামীৰ এখন উপন্যাস মই কমেও ১০ বাৰ পঢ়িছোঁ (এতিয়া অৱশ্যে উপন্যাসখনে মোক আকৰ্ষণ নকৰে)। সৌৰভ চলিহাৰ কেইটামান গল্প, হীৰেন গোহাঁই ছাৰৰ কিছু আত্মজীৱনীমূলক ৰচনা কিমানবাৰ পঢ়িছোঁ সীমা-সংখ্যা নাই। ঠিকনা নাই কুণ্ডেৰাৰ তিনিখনমান উপন্যাসৰ নিৰ্বাচিত কেতবোৰ অধ্যায় কিমানবাৰ পঢ়িছোঁ।

 সি যি নহওক, এই কিতাপখনো কিবা বিশেষ পৰিকল্পনা লৈ অনুবাদ কৰা হোৱা নাই। সেই সময়ত মই এটা প্ৰকাশন প্ৰতিষ্ঠানৰ লগত জড়িত। হঠাৎ এদিন ভাস্কৰদাৰ (বৰ্তমান আছাম টক্‌ছৰ সাংবাদিক ভাস্কৰজ্যোতি বৰা)ৰ পৰা ফোন পালোঁ। তেওঁ প্ৰস্তাৱ দিলে— অনিৰ্বাণ ৰয়ে লিখা মাওবাদী নেতা প্ৰচণ্ড (পৰৱৰ্তী সময়ত নেপালৰ প্ৰধান মন্ত্ৰী)ৰ জীৱনীখন অসমীয়ালৈ অনুবাদ কৰিব লাগে। মই আগ-পিছ নাভাবি লগে লগে কৈ দিলোঁ— হ’ব, কৰি দিম— কথা মতেই এদিন সন্ধিয়া অনিৰ্বাণদাৰ লগত মোৰ সাক্ষাৎ হ’ল, তেওঁ কিতাপখন দিলে। কিতাপখন আনি দুদিনতে পঢ়ি শেষ কৰিলোঁ। পঢ়ি উঠি ভাবিলোঁ— এইখন অনুবাদ কৰাটো বিশেষ একো অসুবিধা নহ’ব। খুব বেছি দহ দিনমান লাগিব — অনুবাদ কৰাত লাগি গ’লোঁ। তাৰ পাছত কি যন্ত্ৰণা। অনুবাদৰ কাম আগ নাবাঢ়েহে নাবাঢ়ে। ১৮০ পৃষ্ঠাৰ কিতাপখন অনুবাদ কৰি শেষ