পৃষ্ঠা:প্ৰচণ্ড.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জনযুদ্ধৰ প্ৰথম পদক্ষেপ

 প্ৰধান মন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাই মাওবাদীসকলৰ ৪০টা দাবীক গুৰুত্ব নিদি সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ আমন্ত্ৰণক্ৰমে ১৯৯৬ চনৰ ১১ৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণলৈ আহে। সেই ভ্ৰমণৰ সময়ত প্ৰধান মন্ত্ৰীয়ে পশ্চিম নেপালৰ মহাকালী নদীৰ পূৰ্ণাংগ উন্নয়নৰ বাবে এক চুক্তি কৰে, যিখন ভোটবেংক নিশ্চিতকৰণৰ এক মাধ্যম আছিল।

 কিন্তু তেওঁ কাঠমাণ্ডুলৈ ঘূৰি যোৱাৰ আগতেই মাওবাদীসকলে জনযুদ্ধ আৰম্ভ কৰে। ১৩ ফেব্ৰুৱাৰীত চৰকাৰক আচৰিত কৰি খালী ভৰিৰ গেৰিলাই একেলগে প্ৰায় আধাডজন ঠাইত আক্ৰমণ চলায়। এই আক্ৰমণ চাৰিদিন ধৰি চলিছিল। তদুপৰি গোৰ্খা জিলাৰ এটা বেংক লুট কৰিছিল আৰু ‘ৰ’লপা’ আৰু ‘ৰুকুম’ৰ আৰক্ষী চকীত আক্ৰমণ কৰি অস্ত্ৰ-শস্ত্ৰ লুট কৰি নিয়ে। ইয়াৰ উপৰি ‘জাজৰ কট’ আৰু ‘গোৰ্খা’ নামৰ পাহাৰীয়া জিলা দুখনলৈ আৰু পূবে সিন্ধুলী জিলালৈকে সশস্ত্ৰ বিদ্ৰোহ বিয়পি পৰিছিল। মাওবাদীসকলে কোনো অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ নোহোৱাকৈয়ে সাহসৰ পৰিচয় দি নিৰাপত্তা বাহিনীৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ আগবাঢ়ি গৈছিল। সেই সময়ত

৪৯